অহা ২৫ নবেম্বৰৰ পৰা ২৯ নবেম্বৰলৈ উত্তৰ প্ৰদেশৰ আলিগড়ত অনুষ্ঠিত হব লগা ৰাষ্ট্ৰীয় জুনিয়ৰ খো খো প্ৰতিযোগিতাত
আজি ২৩ নবেম্বৰ ইং তাৰিখ শনিবাৰে দুপৰীয়া ১ বজাত ৰঙিয়াৰ ষ্টেচনৰ পৰা নর্থ ইষ্ট ট্ৰেইনত প্ৰশিক্ষক নজৰুল হুছেইন আৰু মেনেজাৰ প্ৰফুল্ল ৰয়ৰ নেতৃত্বত অসমৰ লৰা দলটো আলিগড় অভিমুখে ৰাওনা হয়। দলটোক শুভেচ্ছা দিয়াৰ বাবে উপস্থিত আছিল অসম খো খো সন্থাৰ কাৰ্যকৰী সভাপতি ৰাজেশ বড়ো দেৱ,সন্হাৰ যুটীয়া সম্পাদক ৰাজীৱ শৰ্মা, কাৰিকৰী সমিতিৰ চেয়াৰমেন ৰঞ্জন কুমাৰ দাস দেব।