
অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসমৰ ৰাজধানী গুৱাহাটীত অনুষ্ঠিত হব এডভাণ্টেজ অসমৰ দ্বিতীয় সংস্কৰণ। এই আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ সমাৰোহই ৰাজ্যত বিনিয়োগৰ সম্ভাৱনা বৃদ্ধি আৰু অসমৰ অৰ্থনৈতিক পৰিসৰত নতুন দিশ উন্মোচন কৰিবলৈ আয়োজন কৰা হৈছে।
ইয়াৰ পূৰ্বে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুম্বাইত এক বৈঠক অনুষ্ঠিত কৰি দেশী-বিদেশী বিনিয়োগকাৰীসকলক অসমত বিনিয়োগৰ বাবে আহ্বান জনায়। মুম্বাই বৈঠকত ৰাজ্যৰ লগত যুক্ত হব পৰা উদ্যোগ আৰু ক্ষেত্ৰসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল। মুখ্যমন্ত্ৰীয়ে অসমৰ লগত যুক্ত মুৰুলীয়া উদ্যান, কৃষি, চাহ উদ্যোগ, তথ্য-প্ৰযুক্তি, আৰু পৰ্যটনৰ বিষয়ে আলোচনাৰ আয়োজন কৰে।
এই সমাৰোহই অসমৰ এক উন্নয়নমুখী পৰিচয় সৃষ্টি কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।