অসম সাহিত্য সভাৰ আজীন সভ্য ,তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি,শিক্ষক যতীন্দ্ৰ নাথ ৰাভাৰ অকাল বিয়োগ—তামুলপুৰত শোকৰ ছাঁ
তামুলপুৰ,১৩ জুলাইঃ
অসম সাহিত্য সভাৰ আজীৱন সভ্য ,তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ,তামুলপুৰ অঞ্চলৰ ৰাভা সমাজৰ গুৰি ধৰোতা,সমাজকৰ্মী
শিক্ষক যতীন্দ্ৰ নাথ ৰাভা আৰু নাই৷
যোৱা নিশা ২ বজাত অগণন গুণমুগ্ধ ,শুভাকাংক্ষী আৰু আত্মীয় স্বজনক শোক সাগৰত পেলাই থৈ ৫৭ বছৰ বয়সতে কচুকাটাস্থ নিজা বাস ভৱনত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ ১৯৮৫-১৯৮৮ পৰ্যন্ত দুটা কাৰ্যকালৰ বাবে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিৰ দ্বায়িত্ব গ্ৰহণ কৰা যতীন্দ্ৰ নাথ ৰাভা অসম সাহিত্য সভাৰ আজীৱন সভ্য পদো গ্ৰহণ কৰিছিল ৷ সৰুৰে পৰা কলা সংস্কৃতিৰ প্ৰতি বিশেষ আগ্ৰহী যতীন্দ্ৰনাথ ৰাভাই
তামুলপুৰ অঞ্চলৰ ৰাভা সমাজৰ বিভিন্ন দিশত উন্নয়নৰ বাবে গুৰি ধৰিছিল৷ শিক্ষকতাৰ সমান্তৰালভাৱে তেওঁ তামুলপুৰত ২০১৪ চনত টোটলা ৰাভা কৃষ্টি নামৰ এটি অনুষ্ঠানৰ জন্ম দি নিজে সভাপতিত্বৰ দ্বায়িত্ব লৈ বিভিন্ন ঠাইত টোটলা ৰাভা সকলৰ কৃষ্টি সংস্কৃতি উদ্ধাৰ কৰিছিল ৷ মাজগাড়ী বীণাপানী প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰা যতীন্দ্ৰনাথ ৰাভাই মৃত্যুৰ আগলৈ তামুলপুৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সতে জৰিত আছিল ৷
যতীন্দ্ৰনাথ ৰাভাই অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত ১৯৯৫ চনতে কচুবাৰীত আদৰ্শ শিশু নিকেতন নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰিছিল ৷পিছলৈ তেওঁৰ প্ৰচেষ্টাত কাউলী,গুৱাবাৰী,নাগ্ৰীজুলি,লতিবাৰী,দ্বাৰকুছি আৰু আনন্দ বজাৰত একেই আৰ্হিত কেইবাখনো আদৰ্শ শিশু নিকেতনৰ জন্ম হৈছিল ৷ বিগত প্ৰায় দুবছৰ ধৰি তেওঁ এক বিশেষ ৰোগত ভুগি আছিল ৷ অৱশেষত যোৱা নিশা ইহসংসাৰ ত্যাগ কৰা সমাজকৰ্মী,শিক্ষক গৰাকীৰ মৃত্যুৰ
খবৰ
লাভ কৰি অগণন গুণমুগ্ধ,শুভাকাংক্ষী ,আত্মীয় স্বজন আহি চোতালত ভিৰ কৰাৰ লগতে শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ তেওঁৰ মৃতদেহ পুষ্প সজ্জিত গাড়ীত পোনতে তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ নি তাত নিখিল ৰাভা সাহিত্য ,তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থা,তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা,ৰাভা মহিলা পৰিষদ,ৰাভা উন্নয়ন দাবী পৰিষদ আদিৰ নেতৃবৃন্দই শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ ইয়াৰ পিছত পোনে পোনে তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ মুখ্যকাৰ্য্যালয়লৈ নি তাত শেষ শ্ৰদ্ধা নিবেদন কৰে অসম উন্নতি সভাৰ কেন্দ্ৰীয় সম্পাদক তথা বাক্সা জিলা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি সোনেশ্বৰ কলিতা, অসম উন্নতি সভাৰ শিক্ষা সম্পাদক ডঃ হৰিনাৰায়ণ কলিতা.তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অনুপ কলিতা,তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অবিনাশ কলিতা,সম্পাদক তুষাৰ কলিতা,বড়োলেণ্ড সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰমেন দাস ৷ তাৰপিছত মৃতদেহটো ঘৰলৈ নিয়ে ৷
তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী,বিটিআৰৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা, তামুলপুৰ শাখা সাহিত্য সভা, তামুলপুৰ প্ৰেছক্লাব , কচুবাৰী শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰ
কচুবাৰী আদৰ্শ শিশু নিকেতন,বেতনা ডেফেলী ৰাভা ছাত্ৰ সন্থা,অগপ,বিজেপি,আছুৰ কেন্দ্ৰীয় তথ্য সম্পাদক ডুলুজিত দাস,ৰাগছাং ৰাভা সমাজ, বডোলেণ্ড সাংবাদিক সংস্থা, তামুলপুৰ প্ৰেছ ক্লাৱ, তামুলপুৰ জিলা সাংবাদিক সন্থা, তামুলপুৰ আঞ্চলিক যুৱ মঞ্চ,অসম নাট্য সন্মিলন, তামুলপুৰ, শাখাৰ লগতে বিভিন্ন দল সংগঠনে শিক্ষক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনিগৰাকী জীয়ৰী সহিতে আত্মীয় স্বজন এৰি থৈ যায়। দুপৰীয়াৰ ভাগত শিক্ষক গৰাকীৰ এক শোকাকুল পৰিবেশত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷##