অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজন
================================ , তামুলপুৰ ১৯ জুন ::
অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত আৰু তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলন , তামুলপুৰ সাংস্কৃতিক মহাসভা আৰু নিৰ্মলপ্ৰভা মহিলা সমাজৰ সহযোগত অহাকালি বিশ জুনৰ দিনা দিনজোৰা কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিৱস পালনৰ আয়োজন কৰা হৈছে ৷ কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ৯-৩০ বজাত পতাকা উত্তোলন কৰিব অসম নাট্য সন্মিলন, তামুলপুৰ শাখাৰ সভাপতি উমেশ কলিতাই ৷ পুৱা ১০ বজাত বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিব বিটিচিৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য দেবেন বড়ো , জ্যেষ্ঠ অভিনেতা চমেন পাঠক , সংগীত শিল্পী অৱনী মহন্ত , অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ সম্পাদক চিন্ময় পাঠক , অভিনেতা ফনীধৰ গায়ন আৰু অভিনেত্ৰী গীতাঞ্জলী তালুকদাৰে ৷ পুৱা ১০-৩০ বজাত বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰিব বিটিআৰৰ মনোনীত এমচিএলএ হেমন্ত কুমাৰ ৰাভাই ৷ পুৱা ১১ বজাত স্মৃতি তৰ্পন কৰিব সাংস্কৃতিক মহাসভা , তামুলপুৰৰ সভাপতি গোপীনাথ দাস , নিৰ্মলপ্ৰভা মহিলা সমাজৰ সভানেত্ৰী ভানু বৰ্মন আৰু অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ সম্পাদক অৱিনাশ কলিতাই ৷ পুৱা ১১-৩০ বজাত বিষ্ণু ৰাভাৰ জীৱন কৃতিৰ ওপৰত আলোচনা ৷আলোচনাৰ পূৰ্বে নিৰ্মলপ্ৰভা মহিলা সমাজৰ মহিলাসকলৰ দ্বাৰা নৃত্য-গীতৰ অনুষ্ঠান ৷ আলোচনাখন সঞ্চালনা কৰিব ৰত্ন মণ্ডল , তামুলপুৰৰ সম্পাদক অভিজিৎ দাসে ৷ মুখবয অতিথিহিচাবে অংশ গ্ৰহন কৰিব সিদ্ধাৰ্থ কুমাৰ দাসে ৷আলোচনাত অংশ গ্ৰহন কৰিব তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভুতি ডেকা , সত্ৰীয়া সংগীত শিল্পী গিৰীশ মহন্ত , অৱসৰী শিক্ষক মহেন্দ্ৰ নাথ দাস , তামুলপুৰ শাখা সাহিত্য সভাৰ সভাপতি সুৰেন ৰাভা ,সাংস্কৃতিক মহাসভাৰ প্ৰদীপ বায়ন আৰু শালমাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগন্ত দাসে ৷ দূপৰীয়া ১২-৪৫ বজাত বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হব ৷ আবেলি ৪-০০ বজাত বটা বিতৰণী অনুষ্ঠান ৷ বটা বিতৰন কৰিব সংগীত শিল্পী শ্যামল দাসে ৷
@@@@@@