
অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি: স্বচ্ছতা, নিকতা আৰু সুষমতাৰ নতুন দিশা
আজিৰ দিনটো অসম চৰকাৰৰ নিয়োগ প্রক্রিয়া সন্দর্ভত এক গুৰুত্বপূর্ণ মাইলৰেখা হিচাপে পৰিগণিত হ’ব। আজি ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ (SLRC)ৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়, য’ত অসমৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় ১৩,০০০ পদত নিযুক্তিৰ দিশে পদক্ষেপ গ্ৰহণ কৰা হয়।
এই বৈঠকত নিযুক্তি প্ৰক্ৰিয়াৰ বিভিন্ন পৰ্যায়— যেনে সাক্ষাৎকাৰ, দক্ষতাৰ পৰীক্ষা, এই পৰীক্ষাসমূহ অনুষ্ঠিত হ’বলগীয়া স্থান নিৰ্ধাৰণ, তাত প্ৰয়োজনীয় মানৱ সম্পদৰ যোগান আদিৰ বিষয়ে গভীৰভাৱে আলোচনা কৰে। নিযুক্তি প্ৰক্ৰিয়াৰ প্রতিটো খুটি-নাটি পৰ্যায় সজাগভাৱে পৰ্যালোচনা কৰে যাতে প্ৰার্থীসকলৰ বাবে এই প্রক্রিয়াটো সৰল, সমান আৰু ন্যায়সঙ্গত হয়।
চৰকাৰৰ অঙ্গীকাৰ সদায়কৈ স্পষ্ট—স্বচ্ছ, নিকা আৰু সুষম নিযুক্তি প্ৰক্ৰিয়া । সেই দিশেই আজিৰ বৈঠকত আয়োগক পৰিষ্কাৰভাৱে নিৰ্দেশনা প্ৰদান কৰে, যাতে সকলো ধৰণৰ বিভেদ, পক্ষপাতিত্ব বা অনিয়মৰ পথ সদায়ৰ বাবে বন্ধ হয়।
অসমৰ প্ৰতিভাবান যুৱসকলৰ বাবে এই নিয়োগবোৰ যেন নতুন আশাৰ পোহৰ হৈ আহে—এইটো লক্ষ্য চৰকাৰৰ । স্বচ্ছ আদৰ্শক লৈ আগবাঢ়ি জনসেৱাৰ ক্ষেত্ৰত গুণগত মান নিশ্চয়তা দিয়ে।