BTR NEWS

অসম চৰকাৰে গাঁওবুঢ়াসকলৰ বাবে এক গুৰুত্বপূর্ণ সিদ্ধান্ত

Telegram

গাঁওবুঢ়াৰ সুখবৰ!

 

অসম চৰকাৰে গাঁওবুঢ়াসকলৰ বাবে এক গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে। ৰাজ্যৰ ১৪৫০খন বনগাঁৱত নিযুক্ত গাঁওবুঢ়াসকলক প্রতিমাহে ৯ হাজাৰ টকাৰ পাৰিতোষিক প্ৰদানৰ নিয়ম কাৰ্যকৰী হ’ব। এই নিয়ম ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা প্ৰযোজ্য হ’ব বুলি জানিবলৈ দিছে।

 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্তত এই ঘোষণা কৰা হয়। মুখ্যমন্ত্ৰীয়ে জনায় যে গাঁওবুঢ়াসকলৰ দায়িত্ব আৰু অৱদানক স্বীকৃতি দিয়াৰ বাবে চৰকাৰে এই পদক্ষেপ লৈছে।

 

গাঁওবুঢ়াসকলে বিভিন্ন গ্ৰাম্য সমস্যা সমাধানত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে, বিশেষকৈ ভূমি সংক্রান্ত বিষয়সমূহত। তেওঁলোকৰ দায়িত্ববোধৰ মান উন্নীত কৰিবলৈ এই নীতিগৃহীত হৈছে।

 

এই সিদ্ধান্তক গাঁওবুঢ়াসকলৰ মাজত আনন্দৰ বৰষুণ হিচাপে গণ্য কৰা হৈছে। গাঁওবুঢ়াসকলৰ মাজত চৰকাৰৰ এই পদক্ষেপক লৈ উৎসাহৰ সৃষ্টি হৈছে আৰু তেওঁলোকে মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰিছে।

 

তদুপৰি, মুখ্যমন্ত্ৰীয়ে কয় যে এই পৰিকল্পনাৰ দ্বাৰা স্থানীয় প্ৰশাসনৰ কামৰ গতি বৃদ্ধি হ’ব আৰু গাঁওসমূহত শান্তি-শৃংখলা আৰু সুশাসন বজাই ৰখাত সহায়ক ভূমিকা পালন কৰিব।

 

Exit mobile version