
অসম কেবিনেটে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, ৰাজ্যবাসীৰ কল্যাণত নতুন পদক্ষেপ ।
ৰাজ্যবাসীৰ সৰ্বাংগীণ কল্যাণ আৰু বিকাশক লক্ষ্য ৰাখি ১৯ নবেম্বৰত অনুষ্ঠিত অসম কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকত বিভিন্ন ক্ষেত্ৰৰ উন্নয়ন আৰু জনসাধাৰণৰ সুবিধাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
আজিৰ কেবিনেটত গ্ৰহণ কৰা মূল সিদ্ধান্তসমূহ:
কৰিমগঞ্জ জিলাৰ নাম সলনি:
কৰিমগঞ্জ জিলাৰ নতুন নামকৰণ শ্ৰীভূমি হিচাপে কৰা হয়। এই পদক্ষেপৰ জড়িয়তে অঞ্চলটোৰ ঐতিহ্য আৰু সাংস্কৃতিক প্ৰতিচ্ছবিক অধিক দৃঢ় কৰি তোলা হৈছে।
ৰাজ্যিক জি এছ টি আইন সংশোধনী:
ৰাজ্যিক জি এছ টি আইনত আনিছা সংশোধন, যাৰ জড়িয়তে ৰাজ্যৰ আৰ্থিক ব্যৱস্থাপনা আৰু কৰ পৰিচালনা অধিক সুনিয়ন্ত্রিত হ’ব।
পৰিকল্পিত নগৰীকৰণ:
ৰাজ্যৰ শেহতীয়া নগৰসমূহৰ পৰিকল্পিত উন্নয়ন আৰু পৰিৱেশ-সন্মত পূৰ্ণগঠনৰ বাবে বিশেষ পদক্ষেপৰ আঁচনি গ্ৰহণ কৰা হৈছে।
কৃষি বনানীকৰণক উৎসাহ:
কৃষি বনানীকৰণত উৎসাহ প্ৰদানৰ বাবে নতুন আঁচনি মঞ্জুৰ কৰা হৈছে। এই পদক্ষেপই পৰিৱেশ সংৰক্ষণৰ লগতে কৃষকৰ আৰ্থিক উন্নয়ন নিশ্চিত কৰিব।
উল্লেখযোগ্য বিষয়:
আজিৰ এই কেবিনেটৰ সিদ্ধান্তসমূহে অসমৰ জনসাধাৰণৰ দৈনন্দিন জীৱনলৈ উল্লেখযোগ্য পৰিৱৰ্তন আনিব। বিশেষকৈ পৰিকল্পিত নগৰীকৰণ আৰু কৃষি বনানীকৰণৰ বাবে লোৱা পদক্ষেপসমূহে পৰিৱেশৰ সুৰক্ষাৰ সৈতে ৰাজ্যৰ আৰ্থ-সামাজিক উন্নয়ন নিশ্চিত কৰিব বুলি আশা কৰা হৈছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ পিছত মন্তব্য কৰি কয় যে, এই সিদ্ধান্তসমূহে ৰাজ্যৰ উন্নয়নৰ দিশত নতুন দিশা দেখুৱাব।