BTR NEWS

অসম আৰক্ষীৰ সতর্কতা: অনুপ্ৰৱেশ ৰোধত সফলতা

Telegram

অসম আৰক্ষীৰ সতর্কতা: অনুপ্ৰৱেশ ৰোধত সফলতা

 

অসম আৰক্ষীয়ে অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত আগৰ দিনৰ দৰে এইবাৰো একাগ্ৰতা আৰু সজাগতাৰ পৰিচয় দাঙি ধৰিছে। আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষিত ৰাখি অনুপ্ৰৱেশকাৰীক সফলতাৰে চিনাক্ত কৰি মোকাবিলা কৰাৰ ক্ষেত্ৰত এইবাৰো অসম আৰক্ষীয়ে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে।

 

কালি ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমাৰ কাষত নিচিনা ৬ গৰাকী বাংলাদেশী নাগৰিকক আটক কৰি পোনপটীয়াকৈ সঠিক প্ৰক্ৰিয়া অনুসৰণ কৰি নিজ দেশলৈ ওভতাই পঠিয়াবলৈ সক্ষম হৈছে। এই ঘটনা আমাৰ সীমা সুৰক্ষা প্ৰণালীৰ দক্ষতাৰ পৰিস্ফুট কৰে। আটক কৰা বাংলাদেশী নাগৰিকসকল হৈছে:

 

১) ম: দিদাৰুল ইছলাম

২) ছাণ্টু খান

৩) ইছমাইল হুছেইন ৰাহত

৪) ছাকিব হুছেইন

৫) শ্বাতি আখতাৰ

৬) মিম শ্বেইখ

 

অসম আৰক্ষীৰ এই সফলতা অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোকপাত কৰে। সীমান্ত অঞ্চলৰ জনগণৰ সহযোগিতাৰ লগতে উন্নত প্ৰযুক্তি আৰু নিবিড় চৌকিদাৰীৰ ফলত এইধৰণৰ ঘটনা নিৰ্ভুলভাৱে চিনাক্ত কৰি সমাধান কৰাৰ পথ প্ৰসাৰিত হৈছে।

 

অসম আৰক্ষীৰ এনে কৃতিত্ব সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত উচ্চ মানদণ্ড স্থাপন কৰি আগন্তুক দিনতও সজাগ আৰু সক্ৰিয় থকাৰ আশা জাগ্ৰত কৰে।

 

Exit mobile version