BTR NEWS

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে দুখীয়া আৰু নৱ-হিতাধিকাৰী পৰিয়ালৰ কল্যাণৰ

Telegram

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে দুখীয়া আৰু নৱ-হিতাধিকাৰী পৰিয়ালৰ কল্যাণৰ বাবে আন এক গুৰুত্বপূর্ণ পদক্ষেপ হাতত লৈছে। ১৫ ডিচেম্বৰত সফলভাৱে বিতৰণী পৰ্বৰ প্ৰথমটো পৰ্যায় সম্পন্ন কৰাৰ পাছত, ২২ আৰু ২৮ ডিচেম্বৰত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব।

 

এই কাৰ্ডৰ জৰিয়তে নতুনকৈ অন্তর্ভুক্ত হোৱা প্ৰতিটো পৰিয়ালে ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ৰ অধীনত বিনামূলীয়াকৈ চাউল লাভ কৰিব। এই পদক্ষেপে ৰাজ্যৰ দুখীয়া আৰু পিছপৰা লোকসকলক খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ সহায় কৰিব। ৰাজ্য চৰকাৰৰ এনে বলিষ্ঠ আৰু জনহিতকাৰী কামৰ ফলত বহু পৰিয়াল উপকৃত হোৱাৰ আশা কৰা হৈছে।

 

Exit mobile version