BTR NEWS

অসমৰ কৃষকক আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ AJYCP আৰু তামুলপুৰ জিলা আছুৰ ঃ 

Telegram

অসমৰ কৃষকক আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ AJYCP আৰু তামুলপুৰ জিলা আছুৰ ঃ 

 

,তামুলপুৰ,১৯ জুলাইঃ

 

সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰ জিলাতো স্বাভাৱিক বৰষুণৰ অভাৱত খৰাং পৰিস্থিতিৰ উদ্ভৱ হোৱাত

কৃষক সকলে ভয়াৱহ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। আনহাতে ৰাজ্যখনত থকা বিয়াগোম জলসিঞ্চন বিভাগটোৰ আজিকোপতি উন্নীত কৰণ নোহোৱাত গৰিষ্ঠসংখ্যক কৃষকে বতৰৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈছে । কৃষক সকলৰ এই দুৰ্যোগৰ সময়ত অন্নদাতা সকলৰ বৃহত্তৰ স্বাৰ্থত অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এক সিদ্ধান্ত মৰ্মে

অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ তামুলপুৰ জিলা সমিতিয়ে খৰাং পৰিস্থিতিৰ বাবে সংকটত পৰা কৃষক সকলক তৎকালে আৰ্থিক সাহাৰ্য প্ৰদান আৰু ৰাজ্যত জলসিঞ্চন ব্যৱস্থা উন্নীতকৰণ কৰি প্ৰতিখন খেতিপথাৰক সামৰি লোঁৱাৰ দাবীত

তামুলপুৰ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷

আজি স্মাৰকপত্ৰ প্ৰদান কৰা প্ৰতিনিধি দলটোত অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ তামুলপুৰ জিলা সমিতিৰ উপদেষ্টা ৱাহেদৰ ৰহমান, সভাপতি মণ্টু পাটোৱাৰী, সাধাৰণ সম্পাদক গগন বেজবৰুৱা আৰু জিলা সমিতিৰ কেবাজনো বিষয় ববীয়া উপস্থিত থাকে ৷

ইফালে তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অনুপ কলিতা আৰু সাধাৰণ সম্পাদক নয়ন কলিতাৰ নেতৃত্বত তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে ৰাজ্যত উদ্ভৱ হোৱা খৰাং পৰিস্থিতিৰ বাবে অনতি বিলম্বে চৰকাৰে জলসিঞ্চন বিভাগটোক কৰ্মক্ষম কৰি কৃষকক পানী যোগান ধৰিবলৈ নিৰ্দেশনা জাৰি কৰা ,ক্ষতিগ্ৰস্ত কৃষক সকলক কঠীয়াৰ যোগান ধৰা,জলসিঞ্চন বিভাগটোক সক্ৰিয় আৰু সক্ষম কৰিবলৈ বিশেষ তদাৰকী সমিতি গঠন আৰু কৃষক সকলক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ দাবীকে ধৰি মুঠ চাৰিটা দাবী সম্বলিত এখন স্মাৰক পত্ৰ তামুলপুৰ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ আজিৰ প্ৰতিনিধি দলটোত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তুষাৰ কলিতা,পল্লৱ কলিতাকে ধৰি আন কেবাজনো ছাত্ৰ নেতা উপস্থিত থাকে ৷ ###

Exit mobile version