
‘অসমত মিঞা মুছলমানৰ আগ্ৰাসন হৈছে, অসমীয়াই ১০-১৫ বছৰৰ পাছত জীয়াই থাকিব নোৱাৰিব’ – মুখ্যমন্ত্ৰীৰ মন্তব্যে সৃষ্টি কৰিলে চাঞ্চল্য
গুৱাহাটী, ১৮ আগষ্টঃ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি পুনৰ এক বিতৰ্কিত মন্তব্য আগবঢ়াই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজ্যৰ বিভিন্ন সভা-সম্বোধনত মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয় –
👉 “অসমত মিঞা মুছলমানৰ আগ্ৰাসন হৈছে। যদি ইয়াক এতিয়াৰে পৰা ৰোধ নকৰো, তেন্তে অসমীয়া মানুহে ১০-১৫ বছৰৰ পাছত নিজৰ মাটিতো জীয়াই থাকিব নোৱাৰিব।”
তেওঁয়ে লগতে কয় –
👉 “এই ৫ বছৰত আমি যি কৰিছোঁ আৰু অহা ৫ বছৰত যি কৰিম, সেয়াহে আগন্তুক ৪০ বছৰৰ বাবে অসমীয়াক সুৰক্ষিত কৰি তুলিব। তাৰ পাছত নতুন প্ৰজন্মে নিজৰ দিশে চিন্তা কৰিব লাগিব।”
মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে অসম চৰকাৰে যি নীতি-নিৰ্ণয় গ্ৰহণ কৰিছে, সেয়া “জনগোষ্ঠীগত পৰিৱৰ্তন ৰোধ কৰি অসমীয়া চেতনাক ৰক্ষা”ৰ বাবে।
তেওঁৰ এই মন্তব্যক লৈ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। প্ৰতিপক্ষ দলসমূহে মুখ্যমন্ত্ৰীৰ মন্তব্যক ‘ধৰ্ম-জাতি কেন্দ্ৰিক বিভাজন সৃষ্টিৰ চেষ্টা’ বুলি অভিহিত কৰিছে।
এই ঘটনাই ৰাজ্যত আগন্তুক ৰাজনৈতিক পৰিস্থিতি আৰু ভোট-রাজনীতিত নতুন সুৰ সৃষ্টিৰ পথ প্ৰশস্ত কৰিছে।