BTR NEWS

অবৈধ ভাৱে বসবাস কৰা লোকক উচ্ছেদ তামুলপুৰ প্ৰশাসনৰ।

Telegram

 

অবৈধ ভাৱে বসবাস কৰা লোকক উচ্ছেদ তামুলপুৰ প্ৰশাসনৰ।

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ এনে কে দৰঙাত তামুলপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান।

 

চৰকাৰী জাননী লাভ কৰি একাংশ লোকে শান্তিপূৰ্ণ ভাৱে নিজ নিজ দোকান গৃহ ভাঙি স্থানান্তৰ হোৱাৰ লগতে পকী দোকান ঘৰত JCB ৰে এফালৰ পৰা উচ্ছেদ কৰে তামুলপুৰ প্ৰশাসনে।

উচ্ছেদ স্থলীত উপস্থিত বৃহৎ তামুলপুৰ আৰক্ষীৰ দল।

উচ্ছেদ প্ৰক্ৰিয়াত উপস্থিত আছে তামুলপুৰ ৰাজহ চক্ৰ বিষয়াও।

তামুলপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ

তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি ভাৰত -ভূটান সীমান্তত নৱ নিৰ্মিত ইণ্টাৰনেশ্বনেল চেক পোষ্ট,দৰঙ্গাৰ সন্মুখ ভাগত দীৰ্ঘদিনে অবৈধ ভাৱে দখল কৰা ভূমিৰ পৰা কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহ উচ্ছেদ কৰে ৷ আজি তামুলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া এলিমা কাণ্ডুলনাৰ নেতৃত্বত এক বিশাল আৰক্ষী বাহিনীয়ে প্ৰশাসনক উচ্ছেদ অভিযানত সহযোগ কৰে ৷ উল্লেখযোগ্য যে আজি প্ৰথম পৰ্যায়ত আঠটা পৰিয়ালৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহ উচ্ছেদ কৰে যদিও পৰৱৰ্তী পৰ্যায়ত ২৭ টা পৰিয়ালৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত উচ্ছেদৰ বাবে প্ৰশাসন সাজু বুলি চক্ৰ বিষয়া গৰাকীয়ে সংবাদ মাধ্যমক জনায় ৷

Exit mobile version