*অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলৰ বাবে সুখবৰ।*
*তামুলপুৰ, ৯ জুলাই, ২০২৫* :
অসম চৰকাৰৰ দক্ষতা বিকাশ মিছনৰ অন্তৰ্গত অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলৰ কাৰণে বিভিন্ন বিষয়ৰ ওপৰত এবছৰীয়া বিনামূলীয়া প্ৰশিক্ষণৰ সুবিধা আগবঢ়োৱা হৈছে। প্ৰশিক্ষণৰ সময়ত সম্পূৰ্ণ বিনামূলীয়াকৈ থকা-খোৱাৰ সুবিধা লাভ কৰাৰ লগতে প্ৰশিক্ষণ সমাপ্তিৰ পাছত ১০০ শতাংশ প্ৰশিক্ষাৰ্থীক দেশ-বিদেশত চাকৰি কৰাৰ সুযোগ প্ৰদান কৰা হ’ব। সেয়েহে ১৭-ৰ পৰা ২৫ বছৰৰ ভিতৰত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ যুৱক-যুৱতীসকলক অনতিপলমে এই সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। অধিক জানিবলৈ 9957133569 (জিলা কাৰ্যসূচী ব্যৱস্থাপক, অসম দক্ষতা বিকাশ মিছন, তামুলপুৰ) নম্বৰত হোৱাটছ্এপ অথবা ফোন কৰিব পাৰিব।