অগপৰ পৰা পদত্যাগ কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাৰ
গুৱাহাটী, ৩ ছেপ্টেম্বৰঃ
অসম গণ পৰিষদ (অগপ)ৰ পৰা পদত্যাগ কৰিলে কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতায়ে। দলৰ শীৰ্ষ নেতৃত্বৰ হাতত তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।
অগপৰ সৈতে দীৰ্ঘদিনৰ ৰাজনৈতিক যাত্ৰা সম্পূৰ্ণ কৰাৰ পাছত সত্যব্ৰত কলিতাৰ এই পদক্ষেপে দলেত নতুন আলোড়ন সৃষ্টিৰ সম্ভাৱনা দেখা দিছে।
দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে, সত্যব্ৰত কলিতাই ইতিমধ্যে অন্য এজন আঞ্চলিক দলে যোগদানৰ বাবে আলোচনা আৰম্ভ কৰিছে। খুব শীঘ্ৰেই তেওঁৰ নতুন ৰাজনৈতিক গন্তব্য ঘোষণা হ’ব বুলি অনুমান কৰা হৈছে।
ইয়াৰ ফলত অগপৰ ভৱিষ্যত ৰাজনৈতিক সমীকৰণত প্ৰভাৱ পৰিব বুলি ৰাজনৈতিক মহলে মূল্যায়ন কৰিছে।